
নিউজ ডেস্ক:
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষা কেন্দ্ৰৰ প্ৰসংগত এআইইউডিএফৰ সংবাদমেল।নামনি অসমৰ ধুবুৰী, বৰপেটা, দক্ষিণ শালমৰা, বাক্সা আদিৰ জিলাৰ প্ৰাৰ্থীসকলৰ বাবে বৈষম্য নীতি গ্ৰহণ কৰিছে চৰকাৰে।১৯জুনত অনুষ্ঠিত হ'ব লগা নিযুক্তি পৰীক্ষাৰ বাবে উক্ত জিলাসমূহৰ প্ৰাৰ্থীক তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ নিমন্ত্ৰণ কৰিছে।নিবনুৱা সকলে কিদৰে হাজাৰ হাজাৰ টকা খৰচ কৰি ইমান দূৰত গৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব! এই প্ৰশ্ন AIUDF দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ।সোমবাৰে গুৱাহাটীত দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয়-চৰকাৰৰ বৈষম্য নীতিৰ কাৰণ কি!
তাৎপৰ্যপূৰ্ণ কথা এই যে, ১৯জুনত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষা।ইতিমধ্যে প্ৰাৰ্থীসকলক প্ৰদান কৰা হৈছে এডমিট কাৰ্ড।
ইফালে পৰীক্ষা কেন্দ্ৰ উক্ত জিলাসমূহত নিদিয়াৰ প্ৰসংগত AIUDFয়ে কয়- APSC-UPSCৰ পৰা আৰম্ভ কৰি সকলোবোৰ পৰীক্ষা ধুবুৰী, বৰপেটাত অনুষ্ঠিত হয় কিন্তু নিযুক্তি পৰীক্ষা আহিলেই বৈষম্যৰ সৃষ্টি হয়।সংবাদমেলৰ জৰিয়তে AIUDFৰ দাবী এতিয়াও সময় আছে উক্ত জিলাসমূহত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰক।
- Log in to post comments
- 9 views