সদৌ অসম গাঁও প্ৰধান সন্থাৰ নতুন সমিতিৰ শপত গ্ৰহণ

A

নিউজ ডেস্ক:
সদৌ অসম গাঁও প্ৰধান সন্থাৰ নতুন পূৰ্ণাংগ সমিতি গঠন।সভাপতি গোবিন গগৈৰ নেতৃত্বত নৱ-নিৰ্বাচিত পূৰ্ণাংগ সমিতিয়ে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত শপত গ্ৰহণ কৰে।উল্লেখ্য যে,১৩জনীয়া পূৰ্ণাংগ সমিতিখন নিৰ্বাচিত হৈছিল মৰাণৰ তিলৈ অধিৱেশনত।পৰৱৰ্তী পাঁচ বছৰৰ বাবে বাহাল থাকিব নতুন সমিতিৰ কাৰ্যকাল।
গুৰুত্বপূৰ্ণ কথা এই যে, গাঁও প্ৰধানৰ মাননি বর্তমানৰ ৯হাজাৰ টকাৰ পৰা ২৭হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী নতুন সমিতিৰ সভাপতি গোবিন গগৈৰ।সভাপতি হিচাপে শপত লৈ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়- আগন্তুক দিনত গাঁও প্ৰধানসকলৰ সমস্যাৰ বিষয়ে সজোৰে মাত মাতিম।১৩জনীয়া সমিতিখনত সাধাৰণ সম্পাদক ঘনশ্যাম তালুকদাৰ, কাৰ্যকৰী সভাপতি সমৰেন্দ্ৰ হাজৰিকায়ো শপত লয়।

Your Comments