নলবাৰীৰ-ঘগ্ৰাপাৰত সাংসদ দিলীপ শইকীয়া, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী- কৃষকৰ সৈতে মত-বিনিময়

A

নিউজ ডেস্ক:

 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৮ টা বৰ্ষ সম্পূৰ্ণ কৰা উপলক্ষে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ -বিলপাৰত "জনসম্পৰ্ক অভিযান"ৰ  সৈতে  সংগতি ৰাখি "প্ৰধানমন্ত্ৰী আৱাস যোজনা"ৰ হিতাধিকাৰী আৰু কৃষক সমাজৰ লগত এক মত-বিনিময় কৰে। সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ- বিলপাৰ গাঁৱত আজি দুপৰীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই গাঁৱত  উপস্থিত হৈ একাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  হিতাধিকাৰীৰ গৃহত উপস্থিত হৈ মত-বিনিময় কৰাৰ লগতে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ  কিষাণ মৰ্চাই বিলপাৰ গাঁৱত আয়োজিত কৰা চৌপাল মেলত উপস্থিত হৈ কৃষকসকলৰ সৈতে মত-বিনিময় কৰে।বিলপাৰ গাঁৱৰ কৃষক নেতা প্ৰতাপ লহকৰৰ চোতালত অনুষ্ঠিত বৈঠকখনৰ আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিত সাংসদ গৰাকীয়ে উপস্থিত থাকি প্ৰায় শতাধিক কৃষকৰ সৈতে মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিয়োগৰ বুজ লয়। সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা,প্ৰধানমন্ত্ৰী ফচল বিমা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড,এম এছ পি ব‍্যৱস্থা,ভুমি স্বাস্থ্য কাৰ্ড আদিকে ধৰি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমুহ উপযুক্ত হিতাধিকাৰীয়ে লাভ কৰিছে নে নাই তাৰো বুজ লয়।অনুষ্ঠানটিত সাংসদগৰাকীয়ে নিজৰ  ভাষণত কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশত থকা ১৭ লাখ গাঁৱৰ উন্নয়নৰ হকে আঠ বছৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে দেশৰ প্ৰায় ১২ কোটি কৃষক উপকৃত হোৱা বুলিও দাবী কৰে।উক্ত আঁচনিৰ পৰা ঘগ্ৰাপাৰ অঞ্চলৰ বঞ্চিত কৃষক সকলক পুনৰ তালিকা ভুক্ত কৰি যাৱতীয় ব‍্যৱস্থা গ্ৰহন কৰিবলৈ কৃষি বিভাগ আৰু ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতিক উক্ত অনুষ্ঠানতে সাংসদগৰাকীয়ে নিৰ্দেশ দিয়ে।সাংসদগৰাকীয়ে বিলপাৰ গাঁৱৰ একাংশ বিধ্বস্ত পথ শীঘ্ৰে আঁতৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।ইফালে গাঁৱৰ এগৰাকী দুখীয়া লোকক সাংসদ শইকীয়াই তিনি বান্ধ টিনপাত প্ৰদান কৰে। সাংসদগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত সংগ দিয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতা, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি প্ৰতাপ লহকৰ, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,নলবাৰী জিলা কিষাণ মৰ্চাৰ সভাপতি ৰেখান্ত দাস, সম্পাদক  গোপেশ ভৰালী,বড়িগোগ বনভাগ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি প্ৰতুল চৌধুৰী,বিলপাৰ গাঁৱৰ বুথ বিজেপিৰ সভাপতি সৰ্বেশ্বৰ ডেকা, বিজেপি নেতা চন্দন ডেকা, প্ৰতাপ লহকৰ, অজিত ডেকা, কমল ডেকা আদিয়ে।

Your Comments