গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু বাৰ্ষিকীত শ্রদ্ধাঞ্জলি

A

নিউজ ডেস্ক:

অসমৰ লোক সংগীতৰ সাধক, বিহু সম্রাট, গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু বার্ষিকী দেওবাৰে উদযাপন কৰা হয়।গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী গৰাকীক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
উল্লেখ্য যে ২০১৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল  বিহু সম্ৰাট মহন্তৰ।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত গণশিল্পী গৰাকীৰ অষ্টম মৃত্যু বার্ষিকী উপলক্ষে শংকৰদেৱ কলাক্ষেত্র আন্তর্জাতিক প্রেক্ষাগৃহ প্ৰাংগণত থকা গণশিল্পী খগেন মহন্ত উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱাল, সচিব সুদৰ্শন ঠাকুৰকে ধৰি কৰ্মচাৰীসকল।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি উপ-সভাপতি সোণোৱালে কয়- অসমৰ লোক সংগীতৰ ক্ষেত্ৰখনত মহন্তদেৱৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব।তেখেতৰ সৃষ্টিৰাজি সজীৱ কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ লগতে কলাক্ষেত্র সমাজে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। ইফাল অনুষ্ঠানত মহাপুৰুষ মাধৱদেৱ বিৰচিত  ‘দয়াৰ ঠাকুৰ হৰি’.... শীৰ্ষক বৰগীতটি পৰিৱেশন কৰে অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্রশিক্ষার্থীসকলে।লগতে গণশিল্পীগৰাকীৰ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

Your Comments