আৰক্ষীৰ দায়বদ্ধতা আয়োগত অসম আৰক্ষীৰ বিৰুদ্ধে ২৫০টাৰো অধিক গোচৰ ৰুজু- বি পি কটকী

A

নিউজ ডেস্ক:
অসম আৰক্ষীৰ এনকাউণ্টাৰ তথা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা অভিযুক্তৰ বহু তথ্য আছে আৰক্ষী দায়বদ্ধতা আয়োগত।আৰক্ষীৰ জিম্মাত মৃত্যু বা এনকাউণ্টাৰত মৃত্যু হোৱা অভিযুক্তৰ তদন্ত কৰিব গৈ আধাতে থমকি ৰৈছে আয়োগ।এই বিস্ফোৰক অভিযোগ আৰক্ষী দায়বদ্ধতা আয়োগৰ অধ্যক্ষ বি পি কটকীৰ।ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে তদন্তত থমকি ৰব লগা হোৱা বুলি তেওঁ লগতে কয়।যোৰহাটত শেহতীয়াকৈ পিতৃ-পুত্ৰ অসম আৰক্ষীৰ জিম্মাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা বিষয়টোত দায়বদ্ধতা আয়োগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত কৰিব বুলি অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে।
গুৱাহাটী প্ৰেছ ক্লাবত অধ্যক্ষ গৰাকীয়ে অসম আৰক্ষীৰ কাম-কাজত নজৰ ৰখা বুলি উল্লেখ কৰি তেওঁ জানিব দিয়ে যে- আৰক্ষীৰ দায়বদ্ধতা আয়োগত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰায় ২৫০টাৰো অধিক গোচৰ।সেই গোচৰ সমূহ বৰ্তমানো নিষ্পত্তি নোহোৱাকৈ পৰি আছে।২০২১ চনৰ পূৰ্বৰ আছিল উক্ত গোচৰসমূহ।তাৎপৰ্যপূৰ্ণ কথা এই যে,বিগত দুটা বছৰ ক’ভিডৰ ফলত আগবঢ়া নাছিল গোচৰৰ তদন্ত প্ৰক্ৰিয়া।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰি আৰক্ষীৰ দায়বদ্ধতা আয়োগ বিধানসভাত সংশোধন কৰিছে।নতুন আইন সংশোধনৰ পিছত আয়োগক মাত্ৰ ৩টা দিশত হে তদন্ত কৰাৰ অনুমতি দিছে৷
ইফালে অধ্যক্ষ গৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয়-বহু গোচৰ আদালতলৈ যোৱা বাবেও তদন্ত কৰিব নোৱাৰে আয়োগে।এনে পৰিপ্ৰেক্ষিততো গোচৰ সমূহ পৰি ৰৈছে।

Your Comments