
নিউজ ডেস্ক:
বিধায়ক পুঁজি হৰলুকি প্ৰসংগত বিধায়ক ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নহয় বুলি ক্লীনছিট দিয়াৰ প্ৰসংগত এতিয়া প্ৰতিক্ৰিয়া প্রকাশ কৰিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহেমেদে।বিধায়ক পুঁজিৰ হৰলুকীৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী কোষত মই গ্ৰেপ্তাৰ হৈ ২০টাকৈ দিন কাৰাগাৰত আছিলোঁ।সেই সময়ত মোৰ জামিন আবেদনো নাকচ কৰা হৈছিল।কিন্তু শেহতীয়া ভাৱে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজি হৰলুকীৰ অভিযোগ উত্থাপন হোৱাত মুখ্যমন্ত্ৰীয়ে দুমুখীয়া নীতি অৱলম্বন কৰিছে।কংগ্ৰেছৰ নিলম্বিত বিধায়ক গৰাকী কয় যে,“ মুখ্যমন্ত্ৰীৰ দুমুখীয়া নীতি কিয়?সংবিধানৰ নামত শপত খাই আপুনি কিয় নিয়ম ভংগ কৰিছে? সকলো বিধায়কৰ বাবে একে আইন নহয় নেকি!বিজেপি বিধায়কৰ বাবে আইন বেলেগ নেকি?”
উল্লেখ্য যে বিগত বৰ্ষৰ ১৩অক্টোবৰৰ পৰা ২৮অক্টোবৰ লৈ বিধায়ক পুঁজি কেলেংকাৰীৰ অভিযোগত জেলত থাকিব লগা হৈছিল বিধায়ক শ্বেৰমান।
ইফালে শ্বেৰমানক মুখ্যমন্ত্ৰীৰ এজেন্ট বুলি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক সাংসদ আব্দুল খালেকে কোৱাৰ প্ৰসংগত তেওঁ কয়- বিধায়ক পুঁজি প্ৰসংগত এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনত মইয়ে একমাত্ৰ বিধায়ক যিয়ে জেললৈ যাব লগা হৈছে।মোক দোষাৰোপ কৰিব বাদ দিয়ক।আজি কংগ্ৰেছত যি সকলে মোক বিজেপিৰ এজেণ্ট বুলি কয় তেওঁলোকহে মুখ্যমন্ত্ৰীৰ এজেণ্ট৷”
ইফালে সংখ্যালঘুৰ অঞ্চলত কংগ্ৰেছক শূণ্য কৰিবলৈ ভূপেন বৰাই কাম কৰি আছে বুলি বিস্ফোৰণ ঘটাই তেওঁ কয়- সংখ্যালঘুৰ কথা মোক কবলৈ নিদিয়ে।দলৰ ভিতৰত সংখ্যালঘুৰ কথা কোৱা বাবেই মই বেয়া।
কংগ্ৰেছ নেতা বিধায়ক দেৱব্ৰত শইকীয়াৰ ওপৰত CBI গোচৰ থকাৰ পাছতো কিয় এৰেষ্ট নহয় বুলি প্ৰশ্ন কৰি তেওঁ কয়- ৰকিবুল হুছেইনৰ অগাধ সম্পত্তিৰ ওপৰত ৰুজু হোৱা গোচৰত আজিলৈ কোনো তদন্ত নহ'ল।তেন্তে ৰাইজে অনুমান কৰক মুখ্যমন্ত্ৰীৰ এজেন্ট কোন?
- Log in to post comments
- 8 views