প্ৰসংগ ৰাজ্যসভা নিৰ্বাচন; সোমবাৰে অসম বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বৈঠক

A

নিউজ ডেস্ক:

বিগত ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ AIUDFৰ বিধায়কে গোপনে যোৱা বুলি কংগ্ৰেছে তোলা গুৰুতৰ অভিযোগ উথ্থাপন কৰিছে।কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই উত্থাপন কৰা এই বিস্ফোৰক অভিযোগক লৈ সোমবাৰে অসম বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বৈঠকৰ আয়োজন কৰা হৈছে।অভিযোগক লৈ বিতৰ্ক হোৱাত অসম বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ জৰিয়তে তদন্তৰ ঘোষণা কৰিছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।AIUDFৰ দাবী অনুসৰি ঘোষণা কৰিছিল তদন্ত।সেই মৰ্মে সোমবাৰে অনুষ্ঠিত হ'ব বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বৈঠক।এই কথা অৱগত কৰিছে বিধায়ক শ্বেৰমান আলি আহমেদে।সমিতিৰ সদস্য আহমেদে কয়-বিচৰা হ'ব মুখ্যমন্ত্ৰীৰ ঘৰৰ চিচিটিভিৰ ফুটেজ।চিচিটিভি তথ্যৰ  ভিত্তিত AIUDFৰ বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰলৈ গৈছিল নে নাই পৰীক্ষা কৰা হ'ব।
ইফালে AIUDFৰ বিধায়ক মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা যদি প্ৰমাণ পোৱা নাযায় বা অভিযোগ অসত্য প্ৰমাণ হয় তেন্তে অভিযোগকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব।গুৰুত্বপূৰ্ণ কথা এই যে শাস্তি জেল পৰ্যন্ত হ’ব পাৰে বুলিও বিধায়ক আলীয়ে কয়।

Your Comments