
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত প্ৰশাসনৰ উচ্ছেদ।নিউ-গুৱাহাটী ৰে'লৱে কলনিত ৰে'ল বিভাগৰ উচ্ছেদ অভিযান ।দীৰ্ঘদিনে ৰেল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকাৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে ।উল্লেখ্য যে ৰে'লৱে মাটিত ঘৰ-ব্যৱসায় কৰি থকা লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে।পুৱাৰে পৰা ৰেল বিভাগে বুলডজাৰ, জে চি বি লৈ এফালৰ পৰা ভাঙি যায় ঘৰ সমূহ।ইফালে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উথ্থাপন কৰিছে উচ্ছেদিতসকলে।তাৎপৰ্যপূৰ্ণ কথা এই যে প্ৰায় ২০/২৫ বছৰ ধৰি এই স্থানত ব্যৱসায় প্ৰতিষ্ঠান, ঘৰ বনাই বসবাস কৰি আছিল লোকসকলে।
- Log in to post comments
- 10 views