
নিউজ ডেস্ক:
গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ হাউচ কিপিং কৰ্মচাৰীৰ প্ৰতিবাদ।শনিবাৰে ভঙাগড় আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় ৪৫ গৰাকী হাউচ কিপিং কৰ্মচাৰীয়ে।উল্লেখ্য যে,হঠাৎ চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ বাবে প্ৰতিবাদত বহে কৰ্মচাৰীসকল।প্ৰতিবাদকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,বিগত বৰ্ষৰ মাৰ্চত ডি এচ গৃহ নিৰ্মাণ কোম্পানীটোৰ অধীনত ঠিকা ভিত্তিত নিযুক্তি দিছিল জি এম চি এইচৰ চুপাৰ স্পেচিয়েলিটি ১নম্বৰত হাউচ কিপিং কৰ্মচাৰীসকলক।তেতিয়াৰ পৰা প্ৰতিমাহে ৫হাজাৰ দৰমহাৰে কাম কৰি আহিছে।ৱাৰ্ড সমূহ পৰিষ্কাৰ কৰাৰ উপৰিও অতিৰিক্ত ভাৱে ৱাৰ্ড বয়ৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ কৰে কৰ্মচাৰীসকলে। ডি এছ গৃহ নিৰ্মাণৰ ঠিকাদাৰে হঠাৎ আজিৰ পৰা কাম নাই বুলি কোৱাত ক্ষুব্ধ হৈ থানাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।আগতীয়া জাননী জাৰি নকৰাকৈ কামৰ পৰা বহিষ্কাৰ কৰাত ক্ষুব্ধ হৈ পৰে কৰ্মচাৰীসকল ।
- Log in to post comments
- 7 views