
নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানলৈ শিক্ষা বিভাগৰ জাননী।মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কাৰণ দৰ্শোৱা জাননী জাৰী।
উল্লেখ্য যে শোচনীয় ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়ক ৭দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ বিভাগৰ।
গুৰুত্বপূৰ্ণ কথা এই যে,ৰাজ্যৰ ১৬৪খন শিক্ষানুষ্ঠানৰ উত্তীৰ্ণ শূন্য আছিল এইবাৰ ফলাফলত।
ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ শূণ্য হোৱা সৰ্বাধিক শিক্ষানুষ্ঠান যোৰহাটত ১৪খন, কামৰূপ(ম)ত ১৩খন, কাছাৰত ১২খন, কাৰ্বি আংলঙত ১২খন, নগাঁৱত ১১খন।তাৎপৰ্যপূৰ্ণ কথা এই যে ২০২০বর্ষত উত্তীৰ্ণ শূণ্য বিদ্যালয় আছিল ১৬খন।২০২১ বৰ্ষত কোভিডৰ বাবে অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।
- Log in to post comments
- 16 views