মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাস্কেট বল সন্হা অসমৰ পুনৰ গঠন সম্পৰ্কীয় আলোচনা ; পঢ়ক

A

 

নিউজ ডেস্ক:
অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ জেষ্ঠ্য ৰাষ্ট্ৰীয় বাস্কেটবল খেল পৰিচালক দিলীপ হাজৰিকা ,ৰাজীৱ শৰ্মা আৰু ক্ৰীড়া সংগঠক দীপেন ডেকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ ক্ৰমে যোৱা ৭ জুনত মঙলবাৰে জনতা ভৱনত অসমৰ বাস্কেট বল সন্হাৰ পুনৰ গঠনৰ ওপৰত গুৰুত্ব দি এখন জৰুৰী সভাত মিলিত হয় ৷গুৰুত্বপূৰ্ণ কথা এই যে ,বাস্কেটবল খেল বিধক পুনৰোদ্ধাৰ কৰি অসমত বহল ভিত্তিত কেনেকৈ প্ৰসাৰ ঘটাব পাৰি তাৰ ওপৰতো আলোচনা কৰি ড° হিমন্ত বিশ্ব শৰ্মাই সন্হাৰ পুনৰ গঠনা বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে ইয়াক গঠন কৰাৰ আশ্বাস প্ৰদান কৰে ৷

Your Comments