উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ ছাত্ৰ-ছাত্ৰীলৈ ভাল খবৰ সংসদৰ পঢ়ক

A

নিউজ ডেস্ক:
চলিতবৰ্ষত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীলৈ ভাল খবৰ।অনুত্তীৰ্ণ নহয় কোনো পৰীক্ষাৰ্থী।প্ৰ-পত্ৰ পূৰণ কৰা পৰীক্ষাত অৱৰ্তীন হোৱা-নোহোৱা প্ৰতি গৰাকীক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰাই দিয়াৰ নির্দেশ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ।
উল্লেখ্য যে,পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে স্থগিত ৰাখিছিল বহুকেইটা বিষয়ৰ পৰীক্ষা।আনহাতে ডিমা হাছাওত বৰ্তমানো পৰিৱেশ পূৰ্বৰ অৱস্থালৈ ঘূৰি অহা নাই।ফলত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লৈছে সংসদে ৷

Your Comments