মুখ্যমন্ত্ৰী পৰিয়ালৰ PPE KIT কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটীত আপৰ বৃহৎ বিক্ষোভ

A

নিউজ ডেস্ক:

কোভিডৰ সময়ত ৰাজ্যত পি পি ই কীট যোগানৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰিয়াল আৰু ব্যৱসায়িক ঘনিষ্ঠই সংঘটিত কৰা কেলেংকাৰীৰ তদন্তৰ দাবীত আম আদমী পাৰ্টীৰ বৃহৎ বিক্ষোভ কাৰ্যসূচী।মহানগৰীৰ গণেশগুৰিত বৰষুণকো নেওচি ৰাজপথলৈ ওলাই আহিল প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী।পি পি ই কীট কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, কেলেংকাৰীৰ চি বি আই তদন্ত কৰক, মুখ্যমন্ত্ৰী হায় হায়, ৰিণিকি ভূঞা হায় হায়, বিজেপি মুর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
ইফালে আপৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে গণেশগুৰিত প্ৰায় শতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিত হয়।বিক্ষোভ কাৰ্যসূচী যাতে আগবাঢ়িব নোৱাৰে তাৰ বাবে গঢ়ি তোলে বৃহৎ বেৰিকেদ।

Your Comments