
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ পি পি ই কীট আৰু চেনিটাইজাৰ কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটীত ৰাইজৰ দলৰ প্ৰতিবাদ।খ্ৰীষ্টানবস্তি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যালয়ৰ চৌহদত বিধায়ক অখিল গগৈৰ নেতৃত্বত সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে , কোভিড কালত চিকিৎসা সামগ্ৰী NHMৰ জৰিয়তে অসমলৈ অনা হৈছিল।NHMয়ে বিভিন্ন প্ৰতিষ্ঠানক দায়িত্ব দিছিল সামগ্ৰী যোগানৰ।গুৰুত্বপূৰ্ণ কথা এই যে,মুখ্যমন্ত্ৰী হিমন্তৰ পত্নী-পুত্ৰৰ কোম্পানীয়ে পি পি ই কীট আৰু চেনিটাজাৰ যোগানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগত ৰাজনৈতিক দলটোৱে সাব্যস্ত কৰে প্ৰতিবাদ।মুখ্যমন্ত্ৰী হায় হায়, কেলেংকাৰীৰ চি বি আই তদন্ত কৰক, মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, পি পি ই কীট কেলেংকাৰীৰ তদন্ত হওঁক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি বিভিন্ন প্লে কাৰ্ড প্ৰদৰ্শন কৰে।চৰাই মৰে ৰৈ ,মানুহ মৰে কৈ হিমন্ত বিশ্বই দুৰ্নীতি কৰে পত্নী-পুত্ৰক লৈ, পত্নী প্রেম ভাল কিন্তু অতি মাত্ৰা পত্নীপ্ৰেম ৰাজ্যৰ পক্ষে হানিকাৰক আদি বিভিন্ন প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।
- Log in to post comments
- 6 views