
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্তৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিনটোতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান।বিধায়ক পুঁজি আত্মসাতৰ গুৰুতৰ অভিযোগত মৰিয়নীত চি এম ভিজিলেন্সৰ অভিযান ৷
উল্লেখ্য যে বিগত বৰ্ষত কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰিছিল বিধায়ক কুৰ্মীয়ে।হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কুৰ্মীয়ে মন্ত্ৰীত্ব লাভ কৰিব বুলি আশা কৰি থকাৰ সময়তে দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযানৰ সন্মুখীন হয়।
- Log in to post comments
- 22 views