শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অকৰ্মণ্যতা, দায়িত্বজ্ঞানহীনতাৰ বাবেই বিদ্যুৎ প্ৰবাহিত হৈ শুকুৰবাৰে জুৰীয়াৰ সমীপৰ উত্তৰ খাটোৱালত শিশুসহ ছজনকৈ লোকে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ।

বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে বিদ্যুৎ বিভাগৰ এনে গাফিলতিক একেমুখে ধিক্কাৰ দিয়াৰ লগতে শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত ঘটনাস্থলীলৈ অহা শক্তিমন্ত্ৰী তপন গগৈৰ সন্মুখত আমছু, সংগ্ৰাম পৰিষদকে ধৰি কেবাটাও সংগঠনৰ নেতা-কৰ্মীয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল ।

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত থকাৰ সময়তে আজি উত্তৰ খাটোৱালৰ ঘটনাস্থলীত উপস্থিত হয় এ আই ইউ ডি এফ দল তথা ৰাজ্যিক জমিয়তৰ সভাপতি বদৰুদ্দিন আজমল আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত এটা সঁজাতী দল ।

শোকাকুল পৰিৱেশ বিৰাজ কৰা উক্ত স্থানত বদৰুদ্দিন আজমল উপস্থিত হৈ নিহত লোককেইজনৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ছয়টা পৰিয়ালৰ প্ৰতিটোক ১০ হেজাৰ আৰু আহতসকলক ৫ হেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে ।

ইয়াৰ পিছত সঁজাতী দলটোৱে মৰ্মান্তিক ঘটনাটোত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি সমূহীয়াভাবে দোৱা কৰে । পিছত আজমলে সংবাদ মাধ্যমৰ আগত কয়- কৰ্তব্যত অৱহেলা কৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে জমিয়তৰ তৰফৰ পৰা গোচৰ তৰাৰ ব্যৱস্থা কৰা হ'ব ৷

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

আনহাতে, আজমলক সংগ দিয়া ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয়- শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত বিদ্যুৎস্পৃষ্ট হৈ বেছিসংখ্যক লোকৰ মৃত্যু হৈছে । সম্প্ৰতি শক্তি বিভাগটো এক মৰণফান্দলৈ পৰ্যবসিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

বিধায়ক ইছলামে লগতে শক্তিমন্ত্ৰী তপন গগৈয়ে খাটোৱালত কালি উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদানৰ পিছতো এই পৰ্যন্ত উন্মুক্ত হৈ পৰি থকা ছজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া যমদূতৰূপী তাঁৰ মেৰামতি নকৰাক লৈ তীব্ৰ ক্ষোভ উজাৰে ৷ 

বিদ্যুতৰ ছিগা তাঁৰক লৈ খাটোৱালত আতংক অব্যাহত 

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

ৰূপহীহাটৰ উত্তৰ খাটোৱালত বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবেই শুকুৰবাৰে ছয়জনকৈ নিৰীহ লোকে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুওৱাৰ পিছতো গা নলৰিল বিদ্যুৎ বিভাগৰ ৷

কালিকালগা সেই নিৰ্দিষ্ট পুখুৰীত উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী বিদ্যুতৰ তাঁৰ ছিগি পৰি থকাৰ বিষয়ে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ফকৰুল ইছলামক ৰাইজে জনোৱাৰ পিছতো বিদ্যুৎ কৰ্তনৰ কিছুসময়ৰ পিছত পুনৰ বিদ্যুতৰ সংযোগ দিয়ে ৷

যাৰবাবেই মাছ ধৰিবলৈ পুখুৰীত নমা ছয়জনকৈ লোকৰ পানীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'বলগা হয় ৷ এনে এক হৃদয় বিদাৰক ঘটনাৰ পিছতো মৰনফান্দত পৰিণত হোৱা শক্তিমন্ত্ৰী তপন গগৈৰ শক্তি বিভাগৰ গা নলৰাটো লজ্জাজনক বিষয় হিচাপে চিহ্নিত হৈছে ।

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

আজি পৰ্যন্ত শক্তি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী উক্ত স্থানত উপস্থিত নহ'ল ৷ যাৰবাবেই আজিও পথৰ ওপৰতেই উন্মুক্তভাৱেই পৰি আছে যমদূতৰূপী বিদ্যুতৰ ছিগা তাঁৰডাল ৷ এই ছিগা তাঁৰডালক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংক বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

ভুক্তভোগী পৰিয়ালৰ সদস্যৰ মাজত চেক বিতৰণ

কালি বিদ্যুৎস্পৃষ্ট হৈ একে গাঁৱৰ ছয়জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱা ভুক্তভোগী প্ৰতিটো পৰিয়ালক ২.৫০ লাখ টকাৰ চেক প্ৰদান কৰা হয় । আজি উত্তৰ খাটোৱালত ভুক্তভোগীসকলৰ পৰিয়ালৰ নিজগৃহতে এই চেক প্ৰদান কৰে বিধায়ক নুৰুল হুদা আৰু ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থাকে ৰূপহী ৰাজহ চক্ৰ বিষয়া দৰ্শনা চেতিয়া ।

শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব জমিয়তে : খাটোৱালত আজমলৰ হুংকাৰ

ইয়াৰ পিছত স্থানীয় বিধায়ক নুৰুল হুদাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত লোকৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়- ৰূপহীহাটৰ উত্তৰ খাটোৱালত সংঘটিত ঘটনাৰ উত্তৰ দিব লাগিব শক্তিমন্ত্ৰী তপন গগৈয়ে ।

বিধায়কগৰাকীয়ে লগতে কয়- বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মানৱ সম্পদ নিধন হৈ আছে । তেওঁ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা আহতসকলক স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ঔষধ-পাতি প্ৰদান কৰে ।

Your Comments