সুৰাপায়ীসকলৰ বাবে দুঃখবৰ; দাম বাঢ়িব সুৰাৰ

A

B

নিউজ ডেস্ক:

ৰাজ্যৰ সুৰাপায়ী সকলৰ বাবে দুঃখবৰ।পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য।১৫ জুনৰ পৰা পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য।অসম চৰকাৰে গেজেট নটিফিকেচনৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।উল্লেখ্য যে,সাধাৰণ সুৰাৰ মূল্য বৃদ্ধি হ’ব প্ৰায় ৬৫ শতাংশ।একেদৰে ৭৫০মিলিলিটাৰ সুৰাৰ বটলত বৃদ্ধি পাব সৰ্বাধিক ৮০টকা পৰ্যন্ত।
ইয়াৰ উপৰিও ৰেগুলাৰ ব্ৰেণ্ডত বৃদ্ধি ৯২টকা, ইলিগেণ্ট ব্ৰেণ্ডত বৃদ্ধি পাব সৰ্বাধিক ১৪২টকা।ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডতো বৃদ্ধি পাব সুৰাৰ দাম।সৰ্বাধিক ৩৫০টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ দাম।
গুৰুত্বপূৰ্ণ কথা এই যে,চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে বৃদ্ধি কৰিছে সুৰাৰ দাম।

Your Comments