
নিউজ ডেস্ক:
বাৰ্মিজ চুপাৰী, বাৰ্মিজ চিগাৰেটৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে কৰ ফাঁকিৰে গুৱাহাটী মহানগৰীৰ বজাৰত এইবাৰ বিক্ৰী হৈছে বাৰ্মিজ মাছ।দৈনিক ৫-৬ টন বাৰ্মিজ মাছ বিক্ৰী হৈছে মহানগৰীৰ বজাৰত।
বিশেষ সূত্ৰই সদৰী কৰা মতে জি এম চিৰ অধীনৰ বেতকুছি পাইকাৰী মাছৰ বজাৰত কৰ ফাঁকিৰে বিক্ৰী হৈ আছে বাৰ্মিজ মাছ।বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা এই ব্যৱসায়ত জড়িত হৈছে এক বৃহৎ চক্ৰ।বাৰ্মিছ মাছবোৰ বাৰ্মাৰ পৰা মনিপুৰ হৈ নাগালেণ্ডৰ পৰা নৈশ বাছত দৈনিক গুৱাহাটীলৈ সৰবৰাহ কৰা হয়।নৈশ বাছত বস্তাত ভৰাই বার্মিজ মাছ আহে গুৱাহাটীলৈ।ISBTত যাত্রী নমোৱাৰ পাছতে এই বাছসমূহে মাছবোৰ নমাই দিয়ে আৰু তাৰ পৰা সৰু গাড়ীৰে মাছসমূহ বেতকুছিৰ বজাৰলৈ নিয়া হয়।সূত্ৰটোৱে জানিবলৈ দিয়া মতে মাছলৈ সৰবৰাহৰ কোনো অনুজ্ঞাপত্ৰ নাই আৰু সংশ্লিষ্ট পক্ষক মেনেজ কৰি ছিণ্ডিকেটৰাজ অব্যাহত ৰাখিছে দুষ্ট চক্ৰটোৱে।
উল্লেখ্য যে মহানগৰীৰ বজাৰত বার্মিজ মাছৰ চাহিদা থকাৰ প্ৰধান কাৰণ হ'ল অন্ধ-পশ্চিমবংগৰ দৰে এই মাছৰ গোন্ধ নাই।ফলত ইয়াৰ মূল্যও উল্লেখিত স্থান পৰা অহা মাছতকৈ বেছি।সূত্ৰটোৱে লগতে কয় যে বাৰ্মাৰ পৰা ইলিছ আৰু ভকুৱা মাছ আহে।ইলিচ মাছৰ আকৃতি অনুসৰি প্ৰতি কেজি ৯০০-১০৫০ টকা, ভকুৱা প্ৰতিকেজি ২৮০-৩৫০ টকা পৰ্যন্ত বিক্ৰী হয়।চক্ৰটোৱে শুল্ক বিভাগৰ বিষয়াক মেনেজেৰে বার্মিজ মাছৰ সৰবৰাহ অব্যাহত ৰাখিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰি কয় যে ৰামকুমাৰ দাস ওৰফে ৰামু, টিংকু দাস, ৰাজু চৌধুৰী, শংকৰ কেওটৰ গাদীত এই মাছ উপলব্ধ হয়।তাৎপৰ্যপূৰ্ণ কথা এই যে শুল্ক, খাদ্য সুৰক্ষা, আৰক্ষী সকলো পক্ষকে মেনেজ কৰি চক্ৰটোৱে বিদেশী মাছৰ বৃহৎ ছিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উঠিছে বজাৰখনত।
- Log in to post comments
- 13 views