
নিউজ ডেস্ক:
"সংখ্যালঘুক প্ৰমাণ পত্ৰ দিয়াৰ আঁৰত কি উদ্দেশ্য আছে অসম চৰকাৰে ৰাজহুৱা কৰিব লাগে।প্ৰয়োজন আছিল সংখ্যালঘু জনতাৰ শিক্ষা-দীক্ষা, অৰ্থনৈতিক, সামাজিক ভাৱে পাছপৰা সংখ্যালঘুক পিয়ল কৰি OBC/MOBC প্ৰমাণপত্ৰ দিব লাগে"- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কেবিনেটৰ সিদ্ধান্তত এই মন্তব্য বিধায়ক ৰফিকুল ইছলামৰ।
এআইইউদিএফৰ বিধায়ক ইছলামে কয়- সংখ্যালঘুক প্ৰমাণপত্ৰৰ নামত এখিলা কাগজ তুলি দিয়াৰ কাৰণ কি মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব লাগে।সংখ্যালঘু-সংখ্যাগুৰুৰ মাজত ডিভাইড এণ্ড ৰোল পলিচি সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে।সংখ্যাগুৰুক-সংখ্যালঘুৰ ভয় দেখুৱাই নিজৰ ৰাজনৈতিক লাভা-লাভ উঠাব বিচাৰিছে।
সংখ্যালঘুৰ ৬টা সম্প্ৰদায়লৈ চৰকাৰৰ কাম কৰাৰ কোনো ইচ্ছা নাই।এখিলা কাগজ হাতত তুলি দি সংখ্যাগুৰুক ভয় খুৱাব বিচাৰিছে।সংখ্যালঘু-সংখ্যাগুৰু সমানে আগবাঢ়িব লাগিব- ইছলামে কয়।
সংখ্যালঘু প্ৰমাণপত্ৰৰ কোনো অৰ্থ নাই।দিলেই কি লাভ হ’ব আৰু নিদিলে কি ক্ষতি হ’ব।সংখ্যালঘুক প্ৰমাণপত্ৰ দিয়াৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিব চৰকাৰে- লগতে তেওঁ কয়।
ইফালে এই প্ৰসংগত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কয়- সংখ্যালঘুক প্ৰমাণপত্ৰ দিয়াটো নতুন কথা নহয়।মূল্যবৃদ্ধি, এনকাউণ্টাৰৰ দৰে প্ৰসংগ ঢাকিবৰ বাবে সংখ্যালঘুক প্ৰমাণপত্ৰ দিবলৈ লৈছে।
অসমৰ প্ৰধান সমস্যা বানপানী।ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী শৰ্মাই ইমান দিন কি মাতিলে বুলিও প্ৰশ্ন উত্থাপন কৰে আজমলে।
উল্লেখ্য যে হিমন্ত চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত সংখ্যালঘুক প্ৰমাণপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছিল।
- Log in to post comments
- 10 views