
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা।পঞ্চম মহলাৰ পৰাৰ জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী নৱম শ্রেণীৰ ছাত্ৰৰ।মহানগৰীৰ দিছপুৰস্থিত AURUS শ্বপিং মলত সংঘটিত হৈছে এই ঘটনা।শ্বপিং মলখনৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা আনন্দ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰীতম মেধি(১৬বছৰ)ৰ।
উল্লেখ্য যে মঙলবাৰে প্ৰায় ২.২৫ বজাত স্কুলৰ পৰা ওলাই আহিছিল ছাত্ৰজনে।স্কুলৰ পৰা আহি চাইকেলখন শ্বপিং মলটোৰ তলত ৰখাই থৈ মলৰ ওপৰলৈ উঠি যায় আৰু পঞ্চম মহলাৰ পৰা জপিয়াই দিয়ে।
সংকটজনক অৱস্থাত ছাত্ৰ জনক তাৎক্ষণিক ভাৱে জিএনআৰচিৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।উল্লেখ্য যে ছাত্ৰজনে দুয়োখন ভৰি, কঁকাল আৰু সোঁ হাতত গুৰুতৰভাৱে আঘাত পাইছে।ৰহস্যজনক কথা এই যে ছাত্ৰ জনে কিয় মল খনৰ পঞ্চম মহলাৰ পৰা জপিয়ালে তাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
- Log in to post comments
- 48 views