
নিউজ ডেস্ক:
ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ। উচ্চ শিক্ষানুষ্ঠানখনৰ ক্ল'জ কেম্পাছৰ দাবীত পানবজাৰৰ পথ বন্ধ কৰি প্ৰতিবাদ কটনিয়ানৰ।উল্লেখ্য যে কটনৰ ক্ল’জ কেম্পাছ নথকাত বহু সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল।গাড়ী-মটৰৰ উচ্চস্বৰত হৰ্ণ, অবৈধ পাৰ্কিং কৰাৰ ফলত বহুসময়ত দূর্ঘটনাৰ সন্মুখীন হৈছে কটনিয়ান।বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰি অহাৰ পিছতো পথছোৱা বন্ধৰ কোনো ব্যৱস্থা নকৰাত ছাত্ৰ ছাত্ৰীসকলে নিজে বন্ধ কৰি দিয়ে পথ।
- Log in to post comments
- 32 views