গুৱাহাটীত শেৱালিয়ে কাঠপেঞ্চিলত প্ৰস্তুত কৰিছে বিভিন্ন ভাস্কৰ্য

A

নিউজ ডেস্ক:

কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে গুৱাহাটীৰ এগৰাকী যুৱতীয়ে।  গুৱাহাটী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী যুৱতী গৰাকীয়ে নিজৰ একাগ্ৰতাৰে  কৰ'না মহামাৰীৰ লক ডাউনৰ সময়ৰ পৰা আৰম্ভ কৰিছে এক অভিনৱ ভাস্কৰ্য শিল্প কৰ্ম।কাঠপেঞ্চিলৰ মাজৰ ক'লা অংশত তেওঁ শৰাইঘাট দলং, লৌহ মানৱ,শিৱ মূৰ্তি, ৰেলগাড়ী আৰু অভয়াৰণ্যকে ধৰি বিভিন্ন ভাস্কৰ্য শিল্প সৃষ্টি কৰি নুনমাটি অঞ্চলত চমক সৃষ্টি কৰিছে।
কাঠপেঞ্চিলত সপোন ৰচনা কৰা এই গৰাকী ভাস্কৰ্য শিল্পী হৈছে নুনমাটি চন্দন পুৰৰ জিতেন কলিতা আৰু ভনীতা কলিতাৰ কন্যা শেৱালি কলিতা।বিগত ২০২০ত গুৱাহাটী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'না মহামাৰীৰ সময়ত ঘৰতে টেলিভিছনত বোলছবিকে ধৰি বিভিন্ন অনুষ্ঠান চাই সময় পাৰ কৰিছিল শেৱালিয়ে।ফলত বোলছবি চাই এই অভিনৱ সৃষ্টিৰ পাতনি মেলিছিল ছাত্ৰী গৰাকীয়ে।সেই সময়ত টেলিভিছনত প্ৰদৰ্শিত দক্ষিণ ভাৰতৰ "মাখি" (Makkhi)শীৰ্ষক বোলছবি খনৰ বিন্দুৰ চৰিত্ৰত অভিনয় কৰা মূল নায়িকা গৰাকীয়ে কাঠপেঞ্চিলৰ মাজত থকা ক'লা অংশত এটি সুন্দৰ লকেট প্ৰস্তুত কৰি প্ৰেমিকক উপহাৰ দিছিল।তাৰেই আলমত শেৱালিয়ে এটা পিন আৰু এখন ব্লেডেৰে কাঠপেঞ্চিলত লকেত বনোৱাৰ চৰ্চা আৰম্ভ কৰে।প্ৰথম অৱস্থাত সফল হ’ব পৰা নাছিল যদিও নেৰানেপেৰা তথা একাণপতিয়া প্ৰচেষ্টাৰ ফলত পিছলৈ সফল হৈছিল। 

এনেদৰে পৰৱৰ্তী সময়ত বাইক, এ ডব্লিউ এম ৰাইফল, ৰেলগাড়ী,অভয়াৰণ্য,তাজমহল,আইফিল টাৱাৰ আৰু বিভিন্ন মূৰ্তি প্ৰস্তুত কৰিবলৈ সক্ষম হয়।কিন্তু অতি সূক্ষ্ম ভাবে কাঠপেঞ্চিলত এই ভাস্কৰ্য প্ৰস্তুত কৰিবলৈ যাওঁতে হাতৰ কেইবাটাও আঙুলিত তেওঁ আঘাত পাইছে।
উল্লেখ্য যে আৰ্থিক অসুবিধাৰ বাবে স্নাতকোত্তৰ শাখাত নাম ভৰ্তি কৰিব নোৱাৰিলে ছাত্ৰী গৰাকীয়ে।বৰ্তমান এই ভাস্কৰ্য শিল্পৰ উপৰিও মহানগৰীৰ কেইবাটাও শৰীৰচৰ্চা কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি আছে তেওঁ। 
আৰ্থিক অসুবিধাৰ বাবে এই শিল্প অভিনৱ সৃষ্টি হোৱাৰ পিছতো বিশেষ অগ্ৰগতি লাভ কৰা নাই।বিশেষ প্ৰদৰ্শনীৰ দৰে অনুষ্ঠানতো ভাগ লোৱাৰ সুবিধা লাভ কৰা নাই শেৱালিয়ে ৷
উপযুক্ত বজাৰ আৰু প্ৰচাৰ পালে শেৱালিৰ এই ভাস্কৰ্য শিল্প  বিশ্বৰ দৰবাৰত জিলিকিবলৈ সক্ষম হ’ব। 
আনহতে যুৱতীগৰাকী  এগৰাকী জুডো খেলুৱৈ।কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইতিমধ্যে অংশ গ্ৰহণ কৰিছে শেৱালিয়ে ৷

Your Comments