
নিউজ ডেস্ক:
গুৱাহাটী হাটীগাঁৱৰ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা দুই কনমানি সহ ইব্ৰাহিম আলি হাতীগাঁও থানাত উপস্থিত।বিহাৰৰ কৃষাণগঞ্জৰ পৰা গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আহে কণমানি দুটাক।
ইফালে গুৱাহাটীত উপস্থিত হৈ নিৰুদ্দেশ হোৱা কণমানি সন্তানটোৱে কয়-“ মায়ে ফোন কৰি মাতিছে। ইব্ৰাহীম মামাই নিব আহিছিল মই মামাৰ লগত গলো। ”
উল্লেখ্য যে ইব্ৰাহিম নিজৰ মামাক নহয় সম্পৰ্কীয় মামাক৷ “দেউতাই মোক মাৰধৰ কৰে, গালি পাৰে।মাৰপিট কৰাৰ বাবে মামাৰ কাষলৈ গৈছিলো।মামাৰ ঘৰ গোলাঘাটত।এতিয়া মাৰ লগত মই থাকিব বিচাৰো৷মাহীমাই আমাক যোৱা দেখিছে৷দেউতাই দ্বিতীয় বিয়া পাতিছে কাৰণে মই ঘৰৰ পৰা গুচি আহিছোঁ।মোক মামাই লৈ গৈছিল বিহাৰলৈ।”
ইফালে মামাক ইব্ৰাহীমে কয়-“মাকে নিব দিছিল মোক ফোন কৰি সেই বাবে মই লৈ গৈছিলোঁ।”
- Log in to post comments
- 7 views