
নিউজ ডেস্ক:
হাইস্কুল টেটৰ বিসংগতি দূৰ কৰি শিক্ষকৰ খালী পদ পূৰণৰ দাবীত ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ আই) অসম ৰাজ্যিক কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।শণিবাৰে গুৱাহাটীৰ ৰটাৰী ক্লাৱত চৰকাৰ বিৰোধী শ্লগানেৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
এছ এফ আইৰ সম্পাদক নিৰংকুশ নাথে কয় যে অসম চৰকাৰৰ অহেতুক হস্তক্ষেপ, স্বজন তোষণ আৰু টেট এম্পাৱাৰ কমিটিৰ দায়িত্বহীনতাৰ বাবে হাইস্কুল টেটৰ ফলাফলত গুৰুতৰ অনিয়ম হৈছে।২৮মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত টেটৰ ফলাফলত বিসংগতিৰ কথা প্রকাশ পাইছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষক নিযুক্তিত নিকা আৰু স্বচ্চতাৰে হোৱা বুলি দাবী কৰি থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে এই টেট পৰীক্ষাৰ ফলাফলৰ গুৰুতৰ বিসংগতি আৰু অনিয়ম।
হাইস্কুল টেট পৰীক্ষাত অৰাজকতাৰ সৃষ্টি হৈছে।নন গ্ৰেছ আৰু গ্ৰেছ মাৰ্ক পোৱা সকল বৈষম্যৰ বলি হৈছে। নন গ্ৰেছ আৰু গ্ৰেছ মাৰ্ক পোৱা সকলক চৰকাৰে প্ৰতাৰণা কৰিছে।সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰক এই দাবী উত্থাপন কৰিব লাগে যে ৰাজ্যত খালী হৈ থকা পদ আৰু ছাত্ৰ অনুপাতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিব লাগে। চমক সৃষ্টিত ব্যস্ত চৰকাৰ প্ৰহসনত লিপ্ত হৈছে ।আন্দোলনৰ মাজেৰে সংগঠনদ্বয়ে চৰকাৰক স্বজন- তোষণ আৰু দুৰ্নীতি মুক্তভাৱে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।হাইস্কুলসমূহত খালী থকা শিক্ষক পদৰ নিযুক্তিৰ মাজেৰে সকলো টেট উত্তীৰ্ণক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়।
- Log in to post comments
- 17 views