অইলত চাকৰি দিয়াৰ নামত ধন লোৱা প্ৰৱঞ্চকক গুৱাহাটীত ৰাইজৰ লপা-থপা

A

নিউজ ডেস্ক:

অইলত চাকৰি দিয়াৰ নামত ধন লোৱা প্ৰৱঞ্চকৰ পিঠিত ঔকিল।গুৱাহাটীৰ ৰুক্মিনীগাঁৱত ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধালে চাকৰিৰ নামত ধন লোৱা প্ৰৱঞ্চক  বিবেক পাঠকক।
উল্লেখ্য যে,ৰুক্মিনীগাঁৱৰ মৃদুল কলিতা নামৰ এজন যুৱকৰ পৰা দুলীয়াজান অইলত চিভিল ইঞ্জিনিয়াৰিঙৰ চাকৰি দিয়াৰ নামত লৈছিল ১ লাখ ২০ হাজাৰ টকা।শনিবাৰে মহানগৰীৰ ছয়মাইলত এগৰাকী যুৱতীক চাকৰিৰ সাক্ষাৎকাৰ লবলৈ আহোতে কৰায়ত্ত কৰে থগ-প্ৰৱঞ্চক বিবেক পাঠকক।মৃদুল কলিতাৰ পৰিয়ালে চাকৰিৰ প্ৰসংগত জেৰা কৰাত চাকৰি দিব নোৱাৰাৰ কথা স্বীকাৰ কৰে প্ৰৱঞ্চক বিবেকে।তাৰ পিছতেই ৰুক্মিনীগাঁৱৰ একাংশ ৰাইজে লপা- থপা দিয়ে প্ৰৱঞ্চকটোক।
ইফালে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈআটক কৰে প্ৰৱঞ্চকটোক।অভিযোগ অনুসৰি গুৱাহাটীৰ মৃদুল কলিতাকে ধৰি বহু যুৱক-যুৱতীক টাৰ্গেট কৰি আহিছে এই চক্ৰটোৱে।চক্ৰটোত বিবেকৰ লগতে বুবুল দাস আৰু ৰীমা দাস নামৰ আন দুগৰাকী জড়িত থকাৰ কথা পোহৰলৈ আহিছে।
ইফালে ৰাইজৰ প্ৰহাৰত ধৃত বিবেকে কয়- “এতিয়া লৈ ৭-৮ জনক ঠগিছোঁ।২০হাজাৰকৈ কমিচন দিয়ে।ৰিমা দাস আৰু বুবুল দাসৰ লগত মিলি বিভিন্ন জনৰ পৰা চাকৰি দিয়াৰ নামত টকা লৈছিলোঁ।”এতিয়ালৈ প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা বুলিও কয়।

Your Comments