
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ হাটীগাওঁ ফ্রেণ্ডচ পথত মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযোগত দম্পতীক গ্ৰেপ্তাৰ।হাটীগাঁও আৰক্ষীয়ে অভিযান চলাই কামৰূপৰ ছয়গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দম্পতীদ্বয়ক।২৪৬/২২নম্বৰ গোচৰৰ ভিত্তিত চবুৰ আলি আৰু পত্নী আন্না খাতুনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে অৱগত কৰা মতে প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্যৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে।ডকাইতি কৰিবলৈ আহি সংঘটিত কৰিছিল হত্যাকাণ্ড।বিভিন্ন ধৰণৰ অপৰাধৰ ঘটনাৰে ধৃত চবুৰ আলি জড়িত হৈ থকা বুলি হাটীগাঁও আৰক্ষীয়ে জানিব দিয়ে।পূৰ্বতে তেওঁৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈছে।
"পত্নী আন্না খাতুনে মানুহৰ ঘৰত কাম কৰে।কাম কৰিব আহোতে পৰ্যবেক্ষণ কৰে ঘৰসমূহ।তলা লাগি থকা ঘৰ সমূহক তেওঁলোকে লক্ষ্য কৰি লয়।অৰ্থাৎ স্বামীক ডকাইতি কাণ্ডত সহায় কৰে পত্নীয়ে৷ তদন্তকাৰী আৰক্ষীয়ে জনাইছে এই কথা।
শুকুৰবাৰে নিশা অভিযান চলাই ছয়গাঁও জোৰশিমলুৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক।
উল্লেখ্য যে ২৩মে' নিশা হাটীগাঁও শংকৰ-আজান পথৰ ৪৪নং বাসগৃহত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।
- Log in to post comments
- 25 views