গুৱাহাটী ভাস্কৰ নগৰত ভয়ংকৰ ভূমিস্খলন

A

নিউজ ডেস্ক:
বুধবাৰে পুৱাৰে পৰা হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।মহানগৰীৰ ভাস্কৰ নগৰত সংঘটিত হৈছে এই ঘটনা।নিউ-গুৱাহাটী ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যাপীঠৰ কাষত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।বহুকেইটা বাসগৃহ বর্তমান সংকটপূৰ্ণ অৱস্থাত আছে।বৰষুণ অব্যাহত থাকিলে আৰু ভয়ংকৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে অঞ্চলটোত।
উল্লেখ্য যে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত দুৰ্যোগ প্ৰশমন বিভাগে বহুকেইটা অঞ্চলত ভূমিস্খলনৰ বিপদ থকাৰ জাননী জাৰি কৰিছিল।তাৰ ভিতৰত অন্যতম আছিল এই অঞ্চলটো।মহানগৰীত প্ৰায় ৩৬৬টা ঘৰ ভূমিস্খলন প্ৰৱণ অঞ্চলত থকাৰ কথা বিভাগটোৱে এক জাননীত প্রকাশ কৰিছিল।

Your Comments

Related Articles