
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ মাজতে এইবাৰ ৰাজপথত বনৰীয়া ম’হৰ সন্ত্ৰাস।খাৰঘুলি-জয়পুৰৰ সংযোগী পথত প্ৰকাণ্ড বনৰীয়া ম'হৰ মুক্ত বিচৰণ।পুৱাৰে পৰা ম'হটো ঘূৰি ফুৰিছে ৰাজপথত।
ইফালে ৰাজপথলৈ ওলাই অহা ম’হটোৰ বাবে খাৰঘুলি- জয়পুৰৰ পথছোৱাত যাতায়ত বন্ধ কৰিছে প্ৰশাসনে।
আনহাতে বন বিভাগে ম’হটো ট্ৰেংকুলাইজ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।শেহতীয়া খবৰ মতে নেপালী চকত বন বিভাগে ট্ৰেংকুলাইজ কৰাৰ খবৰ আহিছে।
গুৰুত্বপূৰ্ণ কথা এই যে ,প্ৰশাসনে সন্দেহ কৰা মতে ম’হতো ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহিছে৷ সৌভাগ্যক্ৰমে কোনো লোক ম’হৰ আক্ৰমণত হতাহতি হোৱা নাই।
- Log in to post comments
- 7 views