স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বান; বানৰ মাজতে অব্যাহত জীৱন সংগ্রাম

A

নিউজ ডেস্ক:

মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানৰ সংহাৰ।এজাক বৰষুণত স্তব্ধ গুৱাহাটীৰ আভিজাত্য।পুৱাৰ ভাগত অহা এজাক  বৰষুণে দিনটোৰ বাবে স্থবিৰ কৰি পেলায় মহানগৰীৰ জনজীৱন।ৰাজপথ, পথ-উপপথ সকলো কৃত্ৰিম বানৰ কবলত।চানমাৰি, জু-ৰোড, গীতানগৰ, হাটীগাঁও, আমবাৰী, লাখটকীয়া, বেলতলা, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি বহুকেইটা অঞ্চল কৃত্ৰিম বানত ডুব যায়।  নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰীসকল যোৱাত সমস্যাৰ সন্মুখীন হয়।
আনহাতে বানপানীৰ ফলত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। মহানগৰীৰ কেইবাটাও স্থানত একঁকাল পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হয়।একেদৰে কৃত্ৰিম বানত নলা- নৰ্দমাৰ জাবৰ পথলৈ উঠি আহি কদৰ্যময় কৰি তোলে বাট-পথ।
গুৰুত্বপূৰ্ণ কথা এই যে বছৰ বছৰ ধৰি মহানগৰবাসীক কৃত্ৰিম বানপানীয়ে জ্বলা-কলা খুৱাই আহিছে।চৰকাৰ আহে চৰকাৰ যায় কিন্তু মহানগৰবাসীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান নহয়।নিৰ্বাচনৰ পূৰ্বে মহানগৰবাসীক কৃত্ৰিম বানৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে।কিন্তু নিৰ্বাচনৰ পিছত পাহৰি যায় জনপ্ৰতিনিধিয়ে।

আনহাতে জি এম চি কৰ্তৃপক্ষৰ কথা আৰু কামৰ  মাজত থকা বৃহৎ ব্যৱধানৰ বাবেও এইদৰে এজাক বৰষুণতে দুৰ্ভোগ ভুগিবলগীয়া হয় মহানগৰবাসীয়ে।  দেশৰ ৫খনকৈ শ্ৰেষ্ঠ মহানগৰৰ ভিতৰত গুৱাহাটীক অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে সময়ে সময়ে কৈ আহিছে কিন্তু বাস্তৱত এজাক বৰষুণে প্ৰমাণ কৰে গুৱাহাটীৰ প্ৰকৃত উন্নয়ন।
গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ উদ্দেশ্যক আগত ৰাখি নলাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ বাবে ১০টা চুপাৰ চাকাৰ মেছিন স্মাৰ্ট চিটি লিমিটেডৰ যোগে  প্ৰায় ২৫কোটি টকাৰে ক্ৰয় কৰি অনা হৈছিল যদিও সেইসমূহ সঠিক ভাৱে ব্যৱহাৰ নোহোৱাত এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে।

Your Comments