বুধবাৰৰ পৰা কামাখ্যা মন্দিৰলৈ যান-বাহন চলাচলৰ নতুন নিৰ্দেশনা, পঢ়ক

A

নিউজ ডেস্ক:

শক্তিপীঠ কামাখ্যা দেৱালয়ত মহানগৰ আৰক্ষীৰ সংবাদ মেল।সংবাদমেল সম্বোধন কৰে পশ্চিম গুৱাহাটী ডি চি পি নৱনীত মহন্ত আৰু যান বাহন শাখাৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মনে।সংবাদমেল সম্বোধন কৰি আৰক্ষী বিষয়া দুগৰাকীয়ে কয় যে- “কামাখ্যালৈ অহা দৰ্শনাৰ্থী সকলে যাতে সুন্দৰ ভাৱে কামাখ্যা দৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যালৈ যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।এই সময়ছোৱাত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পায় কামাখ্যাত।গতিকে কামাখ্যা মন্দিৰলৈ যোৱা লঘু যান-বাহন সমূহ কামাখ্যাৰ স্থায়ী পাৰ্কিঙলৈ যাব পাৰিব।”
আনহাতে দূৰণীবটীয়া বাছসমূহ কামাখ্যাৰ ASTC বাছ আস্থানত ৰখাব লাগিব।কালিপুৰত বাছসমূহ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।পথৰ দাঁতিত থকা নিৰ্ধাৰিত স্থানত ৰাখিব পাৰিব বাহন।
ইপিনে মা বগলা মন্দিৰৰ সমীপত VIP-VVIP পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।প্ৰয়োজন নহলে হৰ্ণ বজাই পৰিৱেশ বিনষ্ট নকৰিব, গাড়ী পাৰ্কিং কৰি চালক যাতে দূৰলৈ নাযায়, নিৰ্ধাৰিত নিয়ম মানি মাৰ মন্দিৰ দৰ্শন কৰাৰ বাবে আহ্বান জনায় আৰক্ষীয়ে।বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।এই যানবাহন নিয়ম স্থায়ীভাৱে গ্ৰহণ কৰা হৈছে।অম্বুবাচী মেলাৰ সময়ছোৱাত নতুন পথ নিৰ্দেশনা দিয়া হ'ব।

Your Comments