২০জুনৰ ভিতৰত HS পৰীক্ষাৰ ফলাফল, বৰ্তমানো অনিশ্চয়তাত মেট্ৰিকৰ ফলাফল

A

নিউজ ডেস্ক:

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ ছেবা -উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰে আছু প্ৰতিনিধিৰ বৈঠক।সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলে ছেবা আৰু সংসদৰ অধ্যক্ষক সাক্ষাৎ কৰে।ফলাফল ঘোষণা যাতে ভালদৰে হয় তাৰ  নিশ্চিত ব্যৱস্থা লোৱাৰ দাবী জনায় কৰ্তৃপক্ষক।

উল্লেখ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০জুন বা তাৰ পূৰ্বে ঘোষণা কৰিব বুলি সংসদে আছুক নিশ্চয়তা প্ৰদান কৰিছে।কিন্তু ছেবা কৰ্তৃপক্ষই মেট্ৰিকৰ ফলাফল ঘোষণা কৰাক লৈ এতিয়াও নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিলে আছুক।গুৰুত্বপূৰ্ণ কথা এই যে বানপানী আৰু গুণোৎসৱৰ বাবে ছেবাৰ কৰ্তৃপক্ষই মেট্ৰিকৰ বহী মূল্যাংকনৰ প্ৰক্ৰিয়া পলম হোৱা বুলি অৱগত কৰিছে।৫ জুনৰ ভিতৰত আছুৱে ছেবাক ফলাফল ঘোষণা কৰাৰ দাবী জনায়।
আনহাতে বানপানী আৰু ভূমিস্খলনৰ বাবে শেহতীয়া ভাৱে চলিত উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষৰ স্থগিত ৰখা পৰীক্ষাসমূহ অহা ২৭মে'ৰ পৰা পুনৰ আৰম্ভ হ’ব বুলিও সংসদে জানিব দিয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে,২০২১বৰ্ষৰ প্ৰশ্নকাকতেৰে অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা।৪লাখ ৩১হাজাৰ ২৪৫গৰাকী ছাত্ৰ -ছাত্ৰী অৱতীৰ্ণ  হৈছে পৰীক্ষাত।একেদৰে উচ্চতৰ মাধ্যমিকত ২লাখ ১৫হাজাৰ ছাত্ৰ-ছাত্ৰীৰ অৱতীৰ্ণ  হৈছে।উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ পলমকৈ হৈছিল।কিন্তু ছেবাৰ মেট্ৰিক পৰীক্ষা পূৰ্বতকৈ আগতে সমাপ্ত হৈছিল।তাৰ ভিত্তিত ফলাফল দিব পাৰিব লাগিছিল কিন্তু নোৱাৰাটো দুভাৰ্গ্যজনক বুলি আখ্যা দিয়ে শংকৰজ্যোতি বৰুৱাই ৷

Your Comments