
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ ৫ জনীয়া চক্ৰ ।দিছপুৰ আৰক্ষী থানাই দাবী কৰা ধন নিবলৈ আহোঁতে হাতে-লুটে গ্ৰেপ্তাৰ কৰে ৫জনীয়া চক্ৰটোক।
উল্লেখ্য যে অভিযোগ মতে এগৰাকী ঠিকাদাৰক ধন দাবী কৰিছিল ৫জনীয়া চক্ৰটোৱে।দিছপুৰস্থ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিযান চলাই মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ এছ পি ৰৌজি কলিতাৰ নেতৃত্বত চলা অভিযানত কৰায়ত্ত কৰি দিছপুৰ থানাক গতাই দিয়ে ধৃত চক্ৰটোক।চক্ৰটোৰ পৰা উদ্ধাৰ কৰিছে দুখনকৈ বিলাসী গাড়ী।লগতে কেইবাটাও মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত কেইটা ক্ৰমে প্ৰত্যুষ ফুকন, সুৰেশ শইকীয়া, হিৰণ্য হাজৰীকা, প্ৰিন্স বৰা আৰু কিশোৰ বৰুৱা৷প্ৰাপ্ত তথ্য মতে সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড ডিব্ৰুগড়ৰ চালফা সুৰেশ শইকীয়া।
- Log in to post comments
- 1 view