
নিউজ ডেস্ক:
বটদ্ৰৱা থানাত অগ্নিসংযোগ ঘটনাক গৰিহণা বিধায়ক শ্বেৰমান আলি আহমেদৰ।ঘটনাৰে জড়িতক কঠোৰ শাস্তি প্ৰদানৰ আহ্বান বিধায়ক গৰাকীৰ।
ইফালে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন যুৱকৰ কিদৰে মৃত্যু হ’ল তাৰো ন্যায়িক তদন্তৰ দাবী জনাইছে বিধায়কগৰাকীয়ে ।
আনহাতে থানা আক্ৰমণকাৰীৰ ঘৰত চৰকাৰে বুলডজাৰ চলোৱা প্ৰসংগত তেওঁ কয়-আৰক্ষীয়ে সীমা চেৰাই কাম কৰিছে।আইন কানুন, সংবিধানৰ বাহিৰত গৈ উভত -গোৰে নাচিছে।চৰকাৰে গুণ্ডাৰাজ চলাইছে।
ৰাইজে থানা কিয় জ্বলাই দিব লগা হ’ল সেইয়া ঘটনাৰো তদন্ত হ’ব লাগে।সমগ্র ঘটনা উচ্চতম ন্যায়ালয়ে নিজাকৈ গোচৰ লব লাগে।অভিযুক্তৰ ঘৰ ভাঙি দিয়া কাৰ্যত মানৱ অধিকাৰ উলংঘন হৈছে।মানৱ অধিকাৰ আয়োগে তাৰ গোচৰ তৰিব লাগে বুলি আহমেদে কয়।
- Log in to post comments
- 9 views