থানা আক্ৰমণকাৰী ইছলামিক সন্ত্ৰাসবাদ- বিধায়ক দিগন্ত কলিতা

A

নিউজ ডেস্ক:

"বাংলাদেশীৰ হাতত আইন তুলি দিয়া নহ’ব।থানা আক্ৰমণ কৰাসকল ইছলামিক সন্ত্ৰাসবাদ"- নগাঁও বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ প্ৰসংগত এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।আইনগত ভাৱে আক্ৰমণকাৰীক ফাঁচী দিব লাগে বুলিও তেওঁ কয়।
অসমত কাৰোৰে দাদাগিৰি নচলিব বুলি সতৰ্ক কৰি বিধায়ক কলিতাই কয়-আজি বিৰোধী কিয় নিমাত।অনাগত সময়ত এইসকলে যাতে অসমত দাদাগিৰি কৰিব নোৱাৰিব তাৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা লওঁক আৰক্ষীয়ে।বিজেপিয়ে বাংলাদেশীৰ বিৰুদ্ধে সদায় মাত মাতিব৷ আৰক্ষীৰ ভুল থাকিব পাৰে, কিন্তু থানা জ্বলাব নালাগে।
কংগ্ৰেছে এইসকলক চাউল-দালি দি থকাৰ বাবে মাত নামাতে।ভোটৰ ৰাজনীতিৰ বাবে তেওঁলোক নিমাত- কলিতাই কয়।
থানা আক্ৰমণকাৰীৰ অঞ্চলটোত কেনেধৰণৰ মানুহে বাস কৰে সকলোৱে দেখিছে।সেন্দুৰৰ ফুট লোৱা মানুহ অঞ্চলটোত নাই।অসমীয়া মানুহে ইমান তললৈ কাম কৰিব নোৱাৰে, বিশ্বাস আছে- তেওঁ লগতে কয়।

Your Comments