অসমত থানা জ্বলাব আৰু দিয়া নহব, আক্ৰমণকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব- পিযুষ হাজৰিকা

A

নিউজ ডেস্ক:

'থানা জ্বলোৱাৰ বিৰুদ্ধে শাস্তি কঠোৰৰ পৰা কঠোৰ হ’ব।থানা আক্ৰমণকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিছে আৰু  চলিব"-বটদ্ৰৱা উচ্ছেদ সন্দৰ্ভত এই মন্তৱ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।পুলিচক মানুহে মাৰিবলৈ গৈ থানাখন জ্বলাই দিব তাত কিবা আইন শৃংখলাৰ কথা থাকিব নেকি !মন্ত্ৰী হাজৰিকাৰ প্ৰশ্ন।হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে এনেকুৱা ঘটনা আৰু হ’ব দিয়া নহ’ব।এয়াই শেষৰটো ঘটনা হ’ব।এনেকুৱা শাস্তি দিয়া হ’ব ভৱিষ্যতে কোনেও এনেধৰণৰ কাম কৰিবলৈ সাহস নকৰিব বুলি  হাজৰিকাই কয়।
অসমত আৰক্ষী থানা আক্ৰমণৰ শেষৰটো ঘটনা এইয়া হ’ব।ঘটনা সংঘটিত অঞ্চলবোৰৰ ইতিহাস চালে জানিব।পূৰ্বতেও আৰক্ষী থানা আক্ৰমণৰ ঘটনা সংঘটিত হয়।কিন্তু অলপ দিন আক্ৰমণ কৰিব পৰা নাছিল তাৰ বাবে বিশেষ কিছুসংখ্যকৰ তেজ গৰম হৈ আছিল।সেই তেজ গৰমক ঠাণ্ডা কৰি দিয়া হ’ব- আক্ৰমণকাৰীক সকীয়াই মন্ত্ৰী হাজৰিকাই কয়।
উল্লেখ্য যে শনিবাৰে একাংশ উত্তেজিত জনতাই বটদ্ৰৱা থানাত আক্ৰমন কৰি জ্বলাই দিছিল।এজন যুৱকৰ থানাৰ ভিতৰত মৃত্যুক  কেন্দ্ৰ কৰি সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।আক্ৰমণকাৰীৰ যদি কিবা অভিযোগ আছিল সেই অভিযোগ তদণ্ড কৰিলোহেঁতেন।কিন্তু এইদৰে আক্ৰমন কৰিব সেয়া হ’ব নোৱাৰে।
থানা জ্বলোৱা অঞ্চলবোৰ চুৰ-ডকাইতৰ অঞ্চল।থানা আক্ৰমণ তেজতে আছে।আইনক ভয় নকৰে, এতিয়া আইন শিকি যাব।অসমত থকা বাংলাদেশ-পাকিস্তানৰ সমৰ্থক সকলো ঘটনাৰে জড়িত।পাকিস্তানীৰ পতাকা, পাকিস্তান জিন্দাবাদ এইসমূহ অঞ্চলতে মাজে মাজে উৰে- মন্ত্ৰী হাজৰিকাই কয়।
গুৰুত্বপূৰ্ণ কথা এই যে,ঘটনাৰে জড়িতৰ অভিযোগত বৰ্তমানলৈ ২১জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।অগ্নিসংযোগ কৰা মূল অভিযুক্ত যুৱতী গৰাকীও আৰক্ষীৰ জালত পৰিছে।

Your Comments