
নিউজ ডেস্ক:
নগাঁও বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ একাংশ দুৰ্বৃত্তৰ।এজন যুৱক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজিত জনতাই অগ্নিসংযোগ কৰে থানাখনত।উত্তেজিত জনতাই কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণ কৰে।উল্লেখ্য যে এগৰাকী মাছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰি ৰাখিছিল।পৰৱৰ্তী সময়ত তেওঁক মুকলিৰ বাবদ ১০হাজাৰ টকা আৰু এটা হাঁহ উৎকোচ বিছাৰিছিল আৰক্ষীয়ে।উৎকোচ নিদিয়াত আৰক্ষীয়ে আটক কৰি থয় যুৱকজনক।শুকুৰবাৰে আটক কৰা যুৱকজন নিশা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হয় এই ভয়ংকৰ ঘটনা।
গুৰুত্বপূৰ্ণ কথা এই যে উত্তেজিত জনতাই যাঠি-জোং লৈ আক্ৰমন কৰে থানাখন।পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰি জ্বলাই দিয়ে থানা।আনহাতে উত্তেজিত জনতাৰ আক্ৰমণত আহত হৈছে বহুকেইজন আৰক্ষী।
ইফালে ঘটনা সংঘটিতৰ পাছত আৰক্ষীয়ে ভিডিঅ’ ফুটেজৰ ভিত্তিত চিনাক্ত কৰিছে আক্ৰমণকাৰীক।বৰ্তমানলৈ তিনিটা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- Log in to post comments
- 14 views