হেমধৰ বৰুৱা হত্যাকাণ্ড ক্ৰমাৎ ৰহস্যৰ মাজলৈ:ধৰণী ডেকা আৰু পত্নীক দুদিনৰ আৰক্ষীৰ জিম্মালৈ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ জাপৰিগোগ কৃষ্ণনগৰ বিক্ৰমপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে।আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ ন-ন তথ্য।ধৃত ধৰণী ডেকাৰ ড্ৰাগছ আসক্ত পুত্ৰই ভাড়াঘৰৰ মালিক হেমধৰ বৰুৱাক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। তেওঁলোকে অভিযোগ কৰি কয় যে- ড্ৰাগছ আসক্ত পুত্ৰক বচাবলৈ ধৰণী ডেকাই হত্যা কৰা বুলি স্বীকাৰ কৰিছে।  আনহাতে বৰুৱাৰ পৰিয়ালৰ এই অভিযোগ নস্যাৎ কৰি ধৰণী ডেকাই কয়-পুত্ৰ নহয় মই হত্যা কৰিছো।মোৰ পুত্ৰ ড্ৰাগছ আসক্ত হয় যদি পৰীক্ষা কৰক।
ইফালে মৃত হেমধৰৰ পুত্ৰ প্ৰশান্ত বৰুৱাই দিছপুৰ থানাত গোচৰ ৰুজু কৰি  সংবাদ মাধ্যমক কয়- মোৰ দেউতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়।মিছা অভিযোগ প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমকো অনুৰোধ জনায় ৷
হত্যাকাণ্ডৰ প্রকৃত ৰহস্য আৰক্ষীৰ তদন্তত ওলাব মই এজাহাৰ দাখিল কৰিছো- লগতে পুত্ৰই কয়।
উল্লেখ্য যে ,শুক্ৰবাৰে বিক্ৰমপুৰ ৪৫নম্বৰ বাসগৃহত মালিক হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা কৰে ভাড়াতীয়া ধৰণী ডেকাই।হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি ধৰণী ডেকা আৰু তেওঁৰ পত্নীয়ে দিছপুৰ থানাত আত্মসমৰ্পন কৰে।অভিযোগ মতে হেমধৰ বৰুৱাই ধৰণীৰ পত্নীক যৌন আতিশায্য চলাই আহিছিল।
ইফালে আজি ভাৰতীয় দণ্ডবিধি 120(B)/302 ধাৰাত  ১২২৪/২২ নম্বৰত দিছপুৰ থানাত গোচৰ ৰুজু কৰা হয়। লগতে ধৰণী ডেকা আৰু পত্নীক আদালতত হাজিৰ কৰা হয়।হেমধৰ বৰুৱাৰ হত্যাকাৰী ধৰণী ডেকা আৰু তেওঁৰ পত্নী ৰিমী ডেকাক দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।তাৎপৰ্যপূৰ্ণ  কথা এই যে,ধৰণী ডেকাই আদালতলৈ যোৱাৰ পূৰ্বে দিছপুৰ থানাত মাছে ভাত খাই গৈছে।

Your Comments

Related Articles