গুৱাহাটীৰ ৰয়েল গ্ল'বেল স্কুলত "we think digital" শীর্ষক অনুষ্ঠানৰ শুভাৰম্ভনি

A

 

B

নিউজ ডেস্ক:

আজি গুৱাহাটী মহানগৰীৰ ৰয়েল গ্ল'বেল স্কুলত অসম আৰক্ষীৰ উদ্যোগত 'We Think Digital' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় । চাইবাৰ  সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি এই  অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয় ।ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে তথ্য আৰু প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, আৰক্ষী আয়ুক্ত হৰমিত সিং, যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল।
ৰয়েল গ্ল'বেলৰ ছাত্ৰ-ছাত্ৰী সকলক Cyber Security সন্দৰ্ভত সজাগতা অনাৰ চেষ্টা কৰে আৰক্ষীয়ে।

Your Comments