
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।জনতা ভৱনত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ গ্ৰেড-৩, গ্ৰেড-৪ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰ্থীয়ে যাতে আবেদন কৰোতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে আধাৰ কাৰ্ড নথকা প্ৰাৰ্থীয়ে নিয়োগ বিনিময় কেন্দ্ৰত মেনুৱেলী পঞ্জীয়ন কৰিব পাৰিব।
ৰাজ্যত বিদ্যুতৰ নাটনি জোৰা মাৰিবলৈ উত্তৰ প্ৰদেশৰ নেই ভেলীৰ পৰা ক্ৰয় কৰিব ৪৯৫মেগাৱাট বিদ্যুৎ।
কমলপুৰত নিৰ্মাণ হ’ব নেচনেল ফৰেন চাইন্স বিশ্ব বিদ্যালয়।
ইয়াৰ উপৰিও গুৱাহাটীত ৰাজভৱন নিৰ্মাণৰ বাবে বেলী ভিউ হোটেল আৰু তাৰ দাঁতিকাষৰীয়া ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।কেবিনেট বৈঠকত সিদ্ধান্তসমূহৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল কম দিনতে ঘোষণা হ’ব বুলি সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত শৰ্মাই কয়।
ডিমা হাছাও, বৰাক উপত্যকাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হৈ থকা বা অনুষ্ঠিত হ’ব লগা বিভিন্ন পৰীক্ষাৰ পুনৰ সময়সূচী ঘোষণাৰ বাবে বিভাগ সমূহক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
- Log in to post comments
- 53 views