
নিউজ ডেস্ক:
ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে নদী-উপনদীৰ জলস্তৰ।গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসেৱা সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে।আবেলি ৬বজালৈ চলাচল কৰিব পাৰিব ফেৰীসেৱা।তাৰ পৰৱৰ্তী সময়ত ফেৰী চলাচলত বন্ধ ঘোষণা কৰিছে।উল্লেখ্য যে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত দুর্ঘটনা সংঘটিত হোৱাৰ আংশকাতে বন্ধ কৰা হৈছে ফেৰী চলাচল।
- Log in to post comments
- 12 views