
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী শিক্ষয়িত্ৰী।শিক্ষয়িত্ৰী গৰাকীৰ নাম ঊৰ্মিলা দেৱী।উল্লেখ্য যে বেলতলা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী আছিল দেৱী ৷
স্বামীৰ সৈতে স্কুটিত গৈ থকা অৱস্থাত গড়চুক আৰু বৰাগাঁৱৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। নিহত শিক্ষয়িত্ৰীগৰাকীয়ে AS-01EG-0149 নম্বৰৰ স্কুটীত স্বামীৰ সৈতে গৈছিল এক্সেল কেয়াৰ হাস্পতাললৈ কোনো আত্মীয়ৰ খবৰ ল'বলৈ।যাত্ৰাৰ সময়তে গড়চুক - বৰাগাঁৱৰ মাজত এখন ট্ৰাকে খুন্দিয়ায় তেওঁলোকৰ স্কুটীত।ইফালে নিহত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী গিৰিশ চন্দ্ৰ শৰ্মাক সংকটজনক অৱস্থাত জি এম চি এইচত ভৰ্তি কৰা হৈছে।
আনহাতে দুর্ঘটনা সংঘটিত কৰাৰ অভিযোগত এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছে যদিও সেই ট্ৰাক খনে দুৰ্ঘটনা সংঘটিত কৰিছে নে নাই সেয়া নিশ্চিত নহয় ৷
- Log in to post comments
- 50 views