আমি ট্ৰাইবেল বাবে আমাক গুৰুত্ব নিদিয়ে; হাতে হাতে কোৰ লৈ পথ মেৰামতি কৰি পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে গৰজি উঠিল কাকীৰ ৰাইজ

A

নিউজ ডেস্ক:
 লামডিং সমষ্টিৰ পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত কাকী শনিবৰীয়া বজাৰৰ পৰা আমপুখুৰী সংযোগী এটা পথে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক। বিগত পোন্ধৰতা বছৰে বিজেপিৰ দখলত থকা পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত এই পথটো আজি পৰ্যন্ত  যাতায়তৰ বাবে সুচল হৈ নুঠাত অসুবিধাত পৰিছে স্থানীয় ৰাইজ। সামান্য বৰষুণ হ'লেই উক্ত পথেৰে সোমাব নোৱাৰে এম্বুলেন্স,বিদ্যালয়লৈ অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰী। আৰু উপায়ন্তৰ হৈ স্থানীয় পুৰুষ মহিলাই এইদৰে হাতে হাতে কোৰ লৈ কৰিব লগীয়া হৈছে পথৰ মেৰামতি। ৰাইজৰ অভিযোগ এই যে ,“স্থানীয় বিধায়ক শিবু মিশ্ৰই পথটো বনাই দিয়াৰ বহুবাৰ প্ৰতিশ্ৰুতি দিছে যদিও আজি পৰ্যন্ত হৈ উঠা নাই পথটো।নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিয়ে যদিও সেই প্ৰতিশ্ৰুতি বৰ্তমানলৈকে কাৰ্যকৰি হৈ উঠা নাই।” আনহাতে বিগত পোন্ধৰটা বছৰে বিজেপিৰ দখলত থকা পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত এই পথটোত এপাচি মাটি দিবলৈও কাণষাৰ নাই পঞ্চায়ত প্ৰতিনিধিসকলৰ,
যাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলৰ বিৰুদ্ধেও ।বিধায়ক পুঁজি, পঞ্চায়ত পুঁজি, আৰু তিৱা স্বায়ত্ব পৰিষদৰ পুঁজিৰে পথটি মেৰামতি কৰি তুলিব পাৰিলেহেতেন  যদিও সেয়া  হৈ নুঠিল।

 

Your Comments