হোজাই জিলাত ১৪ মে'ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাই জিলাৰ শংকৰদেৱ নগৰত  অহা ১৪  মেত "ৰাষ্ট্ৰীয় লোক আদালত” অনুষ্ঠিত কৰা হ'ব ।
এই সম্পৰ্কে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চালেহ আহমেদে জানিবলৈ দিয়ে যে উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয় নিষ্পত্তিৰ ব্যৱস্হা কৰা হৈছে। ইয়াৰ উপৰিও বেংকৰ লেনদেন, ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিজুলী মাছুল, আদালত সম্বন্ধীয় বিবাদ সমূহ নিস্পত্তিকৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰ সমূহৰ আগতীয়া শুনানিকৰণৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে ১৪ মে,২০২২ তাৰিখ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সকলোৱে ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰ সমূহ সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

 

Your Comments