অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান গৃহমন্ত্ৰী অমৃত শ্বাহৰ

A

নিউজ ডেস্ক:

অসম আৰক্ষীলৈ বিৰল সন্মান।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৃহমন্ত্ৰী অমৃত শ্বাহে মঙলবাৰে অসম আৰক্ষীক প্ৰদান কৰে 'ৰাষ্ট্ৰপতি নিচান'।ৰাষ্ট্ৰপতিৰ নিচান লাভত অসম আৰক্ষী দেশৰ দশম বাহিনী।গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আনুষ্ঠানিক ভাৱে শ্বাহে প্ৰদান কৰে এই সন্মান।
অসম আৰক্ষীৰ ১৫০বছৰীয়া ইতিহাসত নিষ্ঠা- অদম্য সাহসৰ স্বীকৃত 'ৰাষ্ট্ৰপতি নিচান'- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ হৈ গৃহমন্ত্ৰী অমৃত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰে এই নিচান।

Your Comments