
নিউজ ডেস্ক:
অলিম্পিক জয়ী বক্সাৰ অসম কন্যা লাভলীনা বৰগোঁহাই এইবাৰ উজলিছে আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপত।৭০কেজিৰ শাখাত প্রথমখন খেলত অসম কন্যা লাভলীনাই পৰাস্ত কৰিছে চীনৰ টাইপে চেন নিয়েন চিনক।৩-২ব্যৱধানত পৰাস্ত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন গৰাকীক।উল্লেখ্য যে তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত হৈছে খেলখন।তাৎপৰ্যপূৰ্ণ কথা এই যে ২০২০ টকিফ’ অলিম্পিকতো লাভলীনাই পৰাস্ত কৰিছিল চীনৰ টাইপেক।সোমবাৰে অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ খেলখন।
আনহাতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আন এগৰাকী অসম কন্যা অংকুশিতা বড়োৱে প্ৰথমখন খেলত বাই পাই দ্বিতীয় ৰাউণ্ডলৈ গৈছে।
- Log in to post comments
- 7 views