
নিউজ ডেস্ক;
দেশত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা কেন্দ্ৰীয় চৰকাৰে ৰহস্যজনক ভাৱে লুকুৱাই ৰখা কাণ্ডত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।গুৱাহাটীৰ ৰাজীৱ ভৱনত হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি মুৰ্দাবাদ, বিজেপি গ' বেক আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰে তথ্য গোপনে ৰখাৰ কথা সদৰী কৰিছে।ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক( প্ৰশাসন ) আব্দুৰ ৰাজ্জাকে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন মতে পৃথিৱীৰ ভিতৰতে কোভিড ১৯ত ভাৰতবৰ্ষত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে।মহামাৰী কোভিড ১৯ত দেশত ৪৭ লাখ লোকৰ মৃত্যু হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।কিন্তু ভাৰত চৰকাৰে দেশত কোভিডত ৪.৮ লাখ লোকৰ হে মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলাই আছিল।
কেন্দ্ৰ চৰকাৰে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা দেশবাসীৰ পৰা লুকুৱাইছিল যদিও সেয়া শেহতীয়া ভাৱে ধৰা পৰিছে।যুৱ কংগ্ৰেছৰ দাবী কোভিডত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক নূন্যতম ৪লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে।
- Log in to post comments
- 9 views