
নিউজ ডেস্ক:
সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা)ত ধাৰাবাহিক ভাৱে যোগদান অব্যাহত ৰাখিছে ৰাজ্যৰ একাংশ যুৱক- যুৱতীয়ে।অসম আৰক্ষীৰ গুপ্তচৰৰ গুৰুতৰ অভিযোগত দুজনকৈ আলফা সদস্যক আলফা(স্বা)ই মৃত্যুদণ্ড দিয়াৰ খবৰে তীব্র আলোড়ন সৃষ্টি কৰাৰ সময়তে এইবাৰ আলফালৈ ওলাই গ’ল এহাল দম্পত্তি।
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অচ্যুত নেওগ আৰু মমতা নেওগে আলফাত যোগদান কৰাৰ কথা অসম আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে।তাৎপৰ্যপূৰ্ণ কথা এই যে সশস্ত্ৰ সংগ্রামলৈ যোৱা দম্পত্তিদ্বয়ে ৪বছৰীয়া এটি সন্তান এৰি থৈ গৈছে।
উল্লেখ্য যে শেহতীয়া ভাৱে ৰাজ্যৰ একাংশ যুৱক-যুৱতী আলফা(স্বা)ত যোগদান কৰা ঘটনাই অধিক চিন্তিত কৰি তুলিছে ৰাজ্যৰ গৃহবিভাগ তথা আৰক্ষীক।
- Log in to post comments
- 44 views