ৰাজহ বিভাগৰ মিছন বসুন্ধৰাৰ মধ্য অসমৰ শ্ৰেষ্ঠ অতিৰিক্ত উপায়ুক্ত বঁটা মৰিগাঁৱৰ গৰ্গমোহন দাসলৈ

A

নিউজ ডেস্ক:
 খিলঞ্জীয়া লোকক ভূমি অধিকাৰ দিয়াৰ লক্ষ্যৰে ৰাজ্যচৰকাৰৰ ৰাজহ বিভাগে আৰম্ভ কৰা মিছন বসুন্ধৰাত দক্ষতাৰে কাম সম্পাদন কৰাৰ স্বীকৃতি স্বৰূপে 
মৰিগাঁৱৰ  জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসক কালি  গুৱাহাটীত অনুষ্ঠিত হোৱা মিছন বসুন্ধৰাৰ প্ৰথম  পৰ্যায়ৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটাৰে সন্মানিত কৰে । উল্লেখ্য যে- অসম অসামৰিক সেৱাৰ বিষয়া গৰ্গমোহন দাস মিছন বসুন্ধৰাৰ মধ্য অসম আৰু পাৰ্বত্য জিলাৰ জিলাৰ ভিতৰত শ্ৰেষ্ঠ অতিৰিক্ত উপায়ুক্ত ৰূপে নিৰ্বাচিত হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি  অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰীৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে বিষয়া গৰাকীয়ে।গুৱাহাটীত অসম চৰকাৰৰ ৰাজহ বিভাগৰ দ্বাৰা অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বঁটা লাভ কৰি বঁটাপ্ৰাপক মৰিগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসে আনন্দিত হোৱাৰ লগতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- “অসম চৰকাৰে মোক প্ৰদান কৰা এই বঁটা অকল মোৰ বাবেই নহয়, বসুন্ধৰা আঁচনিত কাম কৰা মৰিগাঁও ৰাজহ বিভাগৰ প্ৰতিগৰাকী বিষয়া- কৰ্মচাৰী আৰু মণ্ডলসমূহৰ বাবেও ই এক প্ৰেৰণাদায়ক বঁটা।এই সন্মানপ্ৰাপ্তিয়ে মোক যথেষ্ট উৎসাহিত কৰিছে ৷ আগন্তুক বৰ্ষসমূহত আৰু অধিক কাম কৰি যাব পাৰিম” বুলিও তেওঁ ব্যক্ত কৰে।ইফালে মিছন বসুন্ধৰাত কৰ্ম নিষ্ঠাৰে নিজৰ দায়িত্ব সম্পাদন কৰাৰ স্বীকৃতি স্বৰূপে একেখন সভাতে ৰাজহ মন্ত্ৰী যোগেন মোহনে    মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়া আৰু মৰিগাঁও ৰাজহ চক্ৰৰ লাট মণ্ডল দিলীপ কুমাৰ কলিতাকো পাৰদৰ্শিতা বঁটাৰে সন্মানিত কৰে। মৰিগাঁও জিলাৰ পৰা তিনিজনকৈ বিষয়া কৰ্মচাৰীয়ে পাৰদৰ্শিতা বঁটাৰে সন্মানিত হোৱাত মৰিগাঁওবাসীৰ মাজত আনন্দ উল্লাসে বিয়পি পৰাৰ লগতে প্ৰশাসনিক বিষয়া কৰ্মচাৰী কেইজনক জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া,অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

 

Your Comments