
নিউজ ডেস্ক:
“অন্যায় সহ্য কৰি থকাটো শিক্ষক সমাজৰ বাবে কৰ্তব্য নহয়। আমি আন্দোলনকাৰী নহয়। আমি চৰকাৰক বিৰুদ্ধাচৰণ কৰিব যোৱা নাই। আমাৰ ওপৰত যি অন্যায় আৰু অবিচাৰ হৈ আছে,যি নীতিক অনীতি কৰি আছে। সেই কথাতহে মাত মাতিছো”- এই মন্তব্য সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য কুমাৰ ডেকাৰ।মৰিগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত মৰিগাঁও জিলা সমিতিৰ প্ৰথম দ্বি -বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশ গ্ৰহণ কৰি টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ডেকাই কয় “চৰকাৰে আমাক যিখন আইনৰ জৰিয়তে নিযুক্তি দিছিল সেই আইনৰ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰে ভুল কৰিছে। আমাৰ কোনো ধৰণৰ ভুল নাই। আমাৰ নায্য প্ৰাপ্তিৰ দাবীত আমি অনিচ্ছা স্বত্বেও আন্দোলন কৰিব লগীয়া হোৱাতো বৰ্তমান সময়ত অতিকৈ চিন্তনীয় বিষয় হৈছে।নিয়মীয়া কৰণৰ ক্ষেত্রত টেট উত্তীৰ্ণ শিক্ষক সমাজ কোনো কাৰনতেই পিছ হুহকি নাহে বুলি উল্লেখ কৰি ডেকাই কয় আমাৰ একত্ৰীকৰণ ভংগ কৰিবলৈ চৰকাৰে বিভিন্ন জাল পেলাব পাৰে। সেই জাল ওফৰাবলৈ প্ৰতিজন শিক্ষককে সাজু থাকিবলৈ অনুৰোধ জনাই শিক্ষক সমাজৰ নেতা জনে।ইফালে উদযাপন সমিতিৰ সভাপতি মনোজ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে।সমগ্ৰ শিক্ষা মৰিগাঁৱৰ আঁচনি বিষয়া লক্ষীনন্দন শইকীয়া,ৰাজেন গোস্বামী, লাহৰীঘাট শিক্ষা খণ্ডৰ বিষয়া আবুল কাচেম, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উপদেষ্টা তপন কাকতি,সম্পাদক দীপাৰ্নভ ঘোষে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নায্য প্ৰাপ্তিৰ অধিকাৰৰ সন্দৰ্ভত ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়োৱা সভাখনতেই অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ গ্ৰহ "ফেঁহুজালি'' উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে। আনহাতে মুকলি সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা সমিতিৰ সভাপতি অঞ্জন কুমাৰ শইকীয়াই। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি মনোজ কুমাৰ বৰাই। বৃক্ষ ৰোপণ কৰে উদযাপন সমিতিৰ সম্পাদক নবীন চন্দ্ৰ শৰ্মাই। ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে অঞ্জন কুমাৰ শইকীয়াক সভাপতি,সিদ্ধাৰ্থ শংকৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু নৰোত্তম কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ মৰিগাঁও জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কাৰ্যকৰী সমিতি খন গঠন কৰে। আবেলি শিক্ষক- শিক্ষয়িত্ৰী সকলৰ দ্বাৰা অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বিহুনৃত্য,গীত মাত আদি প্ৰদৰ্শন কৰা হয় ৷
- Log in to post comments
- 16 views