
নিউজ ডেস্ক:
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অহা ১৫ মে'ত অনুষ্ঠিত হ'ব লগা তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত ৰখাৰ কাৰণ অৱগত কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।পৰীক্ষা স্থগিত হৈছে ,বাতিল হোৱা নাই ৷ ২১ বা ২৭মে'ত অনুষ্ঠিত হ’ব পৰীক্ষা, এসপ্তাহ বা দুসপ্তাহ পিছুৱাব।প্ৰায় ১০লাখ প্ৰাৰ্থী হোৱা বাবে পৰীক্ষাৰ দিন ঘোষণা কৰিও স্থগিত ৰাখিছে বিভাগে।কাৰন প্ৰাৰ্থীৰ তুলনাত পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ সাজু নাছিল স্বাস্থ্য বিভাগ।উল্লেখ্য যে ,স্বাস্থ্য বিভাগৰ বহুকেইটা শাখাত প্ৰায় ৪হাজাৰৰো অধিক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।টেকনিকেল আৰু ননটেকনিকেল শাখাৰ আছিল পদসমূহ।
তাৎপৰ্যপূৰ্ণ কথা এই যে,শনিবাৰে পৰীক্ষা স্থগিত ৰখাৰ কথাৰ জাননীৰ জৰিয়তে ঘোষণা কৰিছিল বিভাগে।পৰীক্ষাৰ তাৰিখ বিভাগে দুদিন পূর্বে ঘোষণা কৰিছিল।
- Log in to post comments
- 33 views